মহাবিদ্যালয় সংগীত
জয়তু মনোহাৰী দীপ্যমানা
আজি উছৱৰ মধুলগন
তোমাৰ ই গৰিমা
এই যে মিলনক্ষণ
মহা পয়োভৰা
পূর্ব ভাৰতীৰ তুমি স্ব-অধিষ্ঠিতা
বিদ্যামন্দিৰ তুমি জ্যোতি স্বৰূপা
জ্ঞানদায়িনী তুমি সংস্কৃতা বিজিতা
জ্ঞানমালিনী আমি মালিনীছন্দা
তোমাৰ আশিসে আমি নৱঅৰুণা
পোহৰ সাধিনী আমি তুমিয়েই প্ৰেৰণা
জয়তু মনোহাৰী দীপ্যমানা
গীতিকাৰ: ড° গায়ত্ৰীদেৱী গোস্বামী
সুৰ: তপন বৰদলৈ