মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ত ‘ভাষা গৌৰৱ সপ্তাহ’ উদযাপন
(মহাবিদ্যালয়ৰ অসমীয়া বিভাগ আৰু ভাষা উন্নয়ন কোষৰ সহযোগত)
‘ভাষা গৌৰৱ সপ্তাহ’ৰ কাৰ্যসূচী উদ্বোধন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অনুপজ্যোতি ভৰালীদেৱে৷
আজিৰ বিশেষ অনুষ্ঠান : ০৫/১১/২০২৪
১.
ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ মৃত্য দিৱসৰ সৈতে সংগতি ৰাখি বিশেষ বক্তৃতানুষ্ঠান
বিষয় – ভূপেন হাজৰিকাৰ গীতত জাতীয় চেতনা
বক্তা – শ্ৰীযুত অনিৰুদ্ধ দত্ত, সহযোগী অধ্যাপক, অসমীয়া বিভাগ, মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়৷
২.
বক্তৃতানুষ্ঠান :
বিষয় -অসমীয়া ভাষাৰ ধ্ৰুপদী মৰ্যাদা আৰু অসমীয়াভাষীৰ ভাষিক চেতনা উত্তৰণৰ প্ৰাসংগিকতা
বক্তা – ড° জিতু বড়া, সহকাৰী প্ৰাধ্যাপক, অসমীয়া বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়৷
৩.
মহাবিদ্যালয়ৰ ছাত্ৰী একতা সভাৰ সৌজন্যত – ‘ভূপেন্দ্ৰ স্মৰণ’ শীৰ্ষক অনুষ্ঠান৷ এই অনুষ্ঠানত ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰে মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ ছাত্ৰী শ্ৰীমতী দীপলিমা দত্তই৷
মহাবিদ্যালয়ৰ শিক্ষকবৃন্দ আৰু শতাধিক ছাত্ৰীৰ অংশগ্ৰহণে অনুষ্ঠানকেইটি সাফল্যমণ্ডিত কৰি তোলে৷